মাইনা
"মাইনা..... অ' মাইনা.... ক'লৈ গ'লা?"
"আহি আছো দেউতা........ "
"ক'লৈ গৈছিলা হে? এনেকৈ অকলে- অকলে ঘুৰি-ফুৰিব নালাগে নহয়। "
"মই এতিয়া ডাঙৰ হৈছো। তুমি এনেয়ে চিন্তা কৰি থাকা।"
"হ'ব হ'ব... এতিয়া আহা। গান গাব লাগিব নহয়। ভালদৰে গাবা। ভয় কৰি গুচি নাহিবা আকৌ।"
নীলকান্ত হ'ল দুটি সন্তানৰ পিতৃ। ১০ বছৰ আগতে তেওঁ মনোৰমাৰ সৈতে সাংসাৰিক জীবনৰ শুভাৰম্ভ কৰিছিল। বিবাহৰ ১ বছৰ পাছত শশাংকই আহি তেওঁলোকৰ সংসাৰখন সুন্দৰ কৰিলে। শশাংকক তেওঁলোকে মৰমতে সুমন বুলি মাতে। তেওঁলোকৰ ৬ বছৰীয়া কণমানি কন্যাৰ নাম হ'ল মালতী। তাইক দেউতাকে মৰমতে মাইনা বুলি মাতে। এই কাহিনীৰ আৰম্ভণিতে যে 'মাইনা' এজনীক কোনোবাই মাতি আছিল, সেইজনী তায়েই।
আজি মালতীয়ে গ্ৰন্থ মেলাত গান গাব। তাই বা গান গাব পাৰেই নে নাই? মাকে ইয়াকেই গুনা-গাঁথা কৰি থাকোতে দেখিলে যে, তাই গৈ ষ্টেজ পালে। তাই গাবলৈ ধৰিবলে.....
"আজলী ছোৱালী নানা ফুলে তুলি
আনিলোঁ আঁচল ভৰাই
আজলী ছোৱালী নানা ফুলে তুলি
আনিলোঁ আঁচল ভৰাই
আজলী ছোৱালী নানা ফুলে তুলি
আনিলোঁ আঁচল ভৰাই
সজাই ফুলেৰে অতি যতনেৰে
বৰালোঁ বৰণ শৰাই
সজাই ফুলেৰে অতি যতনেৰে
বৰালোঁ বৰণ শৰাই
আজলী ছোৱালী নানা ফুলে তুলি
আনিলোঁ আঁচল ভৰাই
আজলী ছোৱালী নানা ফুলে তুলি
আনিলোঁ আঁচল ভৰাই
মলয়া ছাতিয়ে আহে জাকি মাৰি
উলাহত নাচি নাচি যায়
মলয়া ছাতিয়ে আহে জাকি মাৰি
উলাহত নাচি নাচি যায়
কুলি কেতেকীয়ে
বিৰিখে বিৰিখে
কুলি কেতেকীয়ে
বিৰিখে বিৰিখে
কুলি কেতেকীয়ে
বিৰিখে বিৰিখে
উলাহত গীত গাই যায়
উলাহত গীত গাই যায়
আজলী ছোৱালী নানা ফুলে তুলি
আনিলোঁ আঁচল ভৰাই
আজলী ছোৱালী নানা ফুলে তুলি
আনিলোঁ আঁচল ভৰাই
সজাই ফুলেৰে অতি যতনেৰে
বৰালোঁ বৰণ শৰাই
সজাই ফুলেৰে অতি যতনেৰে
বৰালোঁ বৰণ শৰাই
আজলী ছোৱালী নানা ফুলে তুলি
আনিলোঁ আঁচল ভৰাই
আজলী ছোৱালী নানা ফুলে তুলি
আনিলোঁ আঁচল ভৰাই
আনিলোঁ আঁচল ভৰাই"
তাই গীতটি শেষ কৰাৰ পাছত সকলোৱে হাত-চাপৰি বজাবলৈ ধৰিলে। তাই দৌৰ মাৰি মাক-বাপেকৰ ওচৰ পালে।
"মা, মোৰ গানটো কেনেকোৱা হ'ল?"
"তুমি বৰ ভাল গালা।"
(২ গণ্টা পাছত)
এতিয়ালৈকে সকলো ঠিকই আছিল। কিন্তু বঁটা বিতৰণৰ পিছত সেই শান্তি ভংগ হ'ল। মালতীয়ে বঁটা নাপালে যে, সেই কাৰণে।
"মোকো প্ৰাইজ লাগে.......... "
"মাইনা, নাকান্দিনাচোন। তুমি বুলে আকৌ ডাঙৰ হৈছা। ডাঙৰ ছোৱালীয়ে এনেকৈ কান্দে নেকি?"
"মোক প্ৰাইজ লাগে......... "
সেই সময়তে সুমনে আহি কটা ঘাত ক'লা নিমখ সানি দিলে।
"হি হি তই প্ৰাইজ নেপালি। হি হি হা হা হ' হ' তই নেপালি, তই নেপালি"
সুমনৰ কথা শুনি মালতীয়ে আৰু উচ্চ স্বৰত কান্দিবলৈ ধৰিলে। তাইক শান্ত কৰিব নোৱাৰি হে নোৱাৰি। অৱশেষত, তাই কান্দি-কান্দি দেউতাকৰ কোলাতে টোপনি গ'ল।
Bạn đang đọc truyện trên: Truyen2U.Com